আৰবিআই/২০১৬-১৭/১১১
ডিপিএছএছ.চিঅ.পিডি.নং/০২.১০.০০২/২০১৬-১৭
৮ নৱেম্বৰ,২০১৬
অধ্যক্ষ আৰু পৰিচালন সঞ্চালক/
মুখ্য কাৰ্যবাহী বিষয়া
সকলো সূচীভুক্ত বাণিজ্যিক বেংক, আৰ আৰ বি/চহৰীয়া সমবায় বেংক/ৰাজ্যিক সমবায় বেংক/জিলা কেন্দ্ৰীয়
সমবায় বেংক/কৰ্তৃত্বপ্ৰাপ্ত এটিএম নেটৱৰ্ক অপাৰেটৰ/কাৰ্ড পেমেণ্ট নেটৱৰ্ক অপাৰেটৰ/হোৱাইট লেবেল এটিএম অপাৰেটৰ সমন্বিতে
মহাশয়/মহাশয়া,
এটিএম – পুৰণা উচ্চ মুদ্ৰাবৰ্গৰ নোটত অনা-বিতৰণ – পৰিচালনা সমাপ্তি
ভাৰত চৰকাৰে ৫০০ আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ বৰ্তমানৰ আৰু আগৰ শৃংখলাৰ বেংক নোটবোৰৰ বৈধ মুদ্ৰা বৈশিষ্ট্য তত্কালে কাৰ্যকৰী হোৱাকৈ (৮ নৱেম্বৰ,২০১৬ৰ মাজনিশাৰ পৰা) প্ৰত্যাহাৰ কৰিছে। সেয়ে বেংকবিলাকে এটিএমৰ যোগেদি পুৰণা উচ্চবৰ্গৰ পত্ৰমুদ্ৰা বিতৰণ কৰাটো ৮ নৱেম্বৰ,২০১৬ৰ মাজনিশাৰ পৰা বন্ধ কৰা হৈছে।
২. ইয়াৰ কাৰণে বেংকবোৰক সাজু কৰাৰ সুবিধাৰ্থে, সকলো ৰাজহুৱা খণ্ডৰ/বেচৰকাৰী খণ্ড/বিদেশী বেংক, আৰ আৰ বি, চহৰীয়া সমবায় বেংক আৰু ৰাজ্যিক সমবায় বেংকক ৯ নৱেম্বৰ,২০১৬ৰ দিনা ৰাজহুৱা লেন-দেনৰ বাবে বন্ধ ৰাখিবলৈ ইতিমধ্যে জনোৱা হৈছে।
৩. এই পৰিপ্ৰেক্ষিতত ৮ নৱেম্বৰ,২০১৬ৰ মাজনিশাৰ পৰা সকলো এটিএম পৰিচালনাৰ বাবে বন্ধ ৰাখিবলৈ সিদ্ধান্ত লোৱা হল যাতে ইতিপূৰ্বে প্ৰত্যাহাৰ কৰা পুৰণা বেংকনোটবোৰ বিতৰণ কৰা নহয়। ৫০ টকা আৰু ১০০ টকা মুদ্ৰাবৰ্গৰ বেংক নোট বিতৰণ কৰিব পৰাকৈ ৰিকেলিব্ৰেট কৰাৰ পাছত এটিএমবোৰ পুনৰ কাৰ্যক্ৰম হব।
৪. বেংক আৰু এটিএম চুইছ বিলাকে অন্তৰ্গমন আৰু বহিৰ্গমন লেন-দেনৰ বাবে এই ব্যৱস্থা তত্কালে কাৰ্যকৰী হোৱাকৈ আৱশ্যকীয় পদসেৱা গ্ৰহণ কৰিব।
৫. তদুপৰি গ্ৰাহকৰ সুবিধা নিশ্চিত কৰাৰ অৰ্থে ৩০ ডিচেম্বৰ,২০১৬ পৰ্যন্ত গ্ৰাহকসকলক এটিএমবোৰৰ পৰা বিনামূলীয়াকৈ নগদ টকা উলিয়াব পৰা সুবিধা আগবঢ়াবলৈ বেংকসমূহক কোৱা হল। এই মৰ্মে সিদ্ধান্ত লোৱা হল যে ১৮ নৱেম্বৰ,২০১৬ পৰ্যন্ত এটিএমৰ পৰা দিনে প্ৰতি কাৰ্ডত নগদ ধন উলিওৱাৰ সীমা ২০০০ টকাত নিৰ্দ্ধাৰিত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।
৬. এই নিৰ্দেশ জাৰি কৰা হৈছে প্ৰদান আৰু বন্দোবস্তি প্ৰণালী আইন,২০০৭ (এক্ট ৫১ অব ২০০৭)ৰ দফা ১৮ সমন্বিতে দফা ১০(২)ৰ অধীনত।
আপোনালোকৰ বিশ্বাসী
(নন্দা এছ. ডাৱে)
মুখ্য মহা প্ৰৱন্ধক |