Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (94.00 kb ) version to your machine and then use respective software to print the story.
Date: 06/10/2016
অগ্ৰাধিকাৰপ্ৰাপ্ত খণ্ডৰ ঋণদান- সংশোধিত ৰিপৰ্টিং পদ্ধতি

আৰবিআই/২০১৬-১৭/৭৯
এফআইডিডি.চিঅ.পিএলএএন.চিঅ.বিচি.নং১৭/০৪.০৯.০০১/২০১৬-১৭

৬ অক্টোবৰ,২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/
মুখ্য কাৰ্যবাহী বিষয়া
(সকলো সূচীভুক্ত বাণিজ্যিক বেংক)
(আঞ্চলিক গ্ৰামীণ বেংকসমূহ বাদে)

মহাশয়/মহাশয়া,

অগ্ৰাধিকাৰপ্ৰাপ্ত খণ্ডৰ ঋণদান- সংশোধিত ৰিপৰ্টিং পদ্ধতি

অগ্ৰাধিকাৰ খণ্ড নিৰ্দেশনামাসমূহ আমাৰ চাৰ্কুলাৰ এফআইডিডি.চিঅ.পিএলএএন.চিঅ.বিচি.নং৫৪/০৪.০৯.০১/ ২০১৪-১৫ দিনাংক ২৩ এপ্ৰিল,২০১৫ মৰ্মে সংশোধিত হয়। সেই অনুযায়ী অগ্ৰাধিকাৰখণ্ড ঋণদানৰ ৰিপৰ্টিঙৰ বাবে ত্ৰৈমাসিক আৰু বাৰ্ষিক নিৰীক্ষণ ফৰমেটবোৰ চাৰ্কুলাৰ এফআইডিডি.চিঅ.পিএলএএন.চিঅ.বিচি.নং৫৮/ ০৪.০৯.০০১/২০১৪-১৫ দিনাংক ১১ জুন,২০১৫ যোগে জাৰি কৰা হয়।

২. পৰ্যালোচনা সাপেক্ষে অগ্ৰাধিকাৰ খণ্ড ঋণদানৰ ৰিপৰ্টিঙৰ বাবে ত্ৰৈমাসিক আৰু বাৰ্ষিক ৰিপৰ্টিং ফৰমেটসমূহ সংশোধিত কৰিবলৈ সিদ্ধান্ত লোৱা হয়। বেংকসমূহক সেয়ে সংলগ্ন সংশোধিত ফৰমেটত অগ্ৰাধিকাৰ খণ্ড অগ্ৰিমবোৰৰ তথ্য দাখিল কৰিবলৈ অনুৰোধ কৰা হল। সংশোধিত ত্ৰৈমাসিক আৰু বাৰ্ষিক প্ৰবিৱৰণসমূহ, ফাইনেন্সিয়েল ইনক্লুচন এণ্ড অফিচ, থাৰ্ড ফ্লৰ, অমৰ বিল্ডিং, ফৰ্ট, মুম্বাই-৪০০০০১ ঠিকনাত ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ প্ৰতিটো ত্ৰিমাস আৰু বিত্তীয় বৰ্ষ শেষ হোৱাত পোন্ধৰ দিনৰ আৰু এমাহৰ ভিতৰত পঠিয়াব লাগিব।

3. বেংকসমূহক অদ্যোপৰি জুন,২০১৬ আৰু ছেপ্টেম্বৰ,২০১৬ত শেষ হোৱা ত্ৰিমাসৰ ৰিটাৰ্ণসমূহ ২০১৬ৰ ২১ অক্টোবৰৰ ভিতৰত সংশোধিত ফৰমেটতহে পঠিয়াবলৈ কোৱা হ’ল।

আপোনাৰ বিশ্বাসী

(এ. উদগাটা)
প্ৰধান মুখ্য মহা প্ৰৱন্ধক

সংলগ্ন – ওপৰত উল্লেখিত মতে।
 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt