Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (108.00 kb ) version to your machine and then use respective software to print the story.
Date: 01/09/2016
অনা সদস্যৰ মিয়াদী জমাৰ বিপৰীতে আগধন

RBI/2016-17/57
DCBR.BPD(PCB).BC.No.3/12.05.001/2016-17

১ চেপ্তেম্বৰ, ২০১৬

মুখ্য কাৰ্যবাহী বিষয়াসকল
দৰমহা অৰ্জনকাৰীৰ প্ৰাথমিক (চহৰীয়া) সমবায় বেংক

মহাশয়/মহাশয়া

অনা সদস্যৰ মিয়াদী জমাৰ বিপৰীতে আগধন

আমাৰ চাৰ্কুলাৰ UBD.No.BL(SEB)5A/07.01.00-2001/02 দিনাংক 8 আগষ্ট, 2001 সাপেক্ষে শাখা খোলাৰ অনুমতিৰ বাবে আবেদন কৰা দৰমহা অৰ্জনকাৰীৰ প্ৰাথমিক (চহৰীয়া) সমবায় বেংক (SEB)য়ে আন কথাৰ ভিতৰত নিশ্চিত কৰিব লাগিব যে তেওঁলোকৰ উপ-বিধিত বাহিৰা ব্যক্তিক (অনা কৰ্মচাৰীক) সদস্য/ সামান্য সদস্য হিচাপে অন্তৰ্ভুক্ত কৰি ঋণদানৰ বাবে উপবন্ধ থাকিব নালাগিব।

2. 14 ডিচেম্বৰ, 2015ত অনুষ্ঠিত 32 সংখ্যক স্থায়ী উপদেষ্টা কমিটীৰ আলোচনা মৰ্মে অনা-সদস্যৰ মিয়াদী জমাৰ বিপৰীতে আগধন মঞ্জুৰ কৰাৰ বাবে SEB সমূহক অনুমতি দিবলৈ সিদ্ধান্ত লোৱা হয়, নিম্নোক্ত চৰ্ত সাপেক্ষে-

i. SEBয়ে আমাৰ চাৰ্কুলাৰ UBD.CO.LS(PCB)Cir.No.20/07.01.000/2014-15 আৰু DCBR.CO.LS(PCB)Cir.No.4/07.01.000/2014-15 দিনাংক ক্ৰমান্বয়ে 13 অক্টোবৰ, 2014 আৰু 28 জানুৱাৰী, 2015ত সন্নিৱিষ্ট বিত্তীয়ভাৱে টনকীয়াল আৰু সুপৰিচালিত (FSWM) UCB ৰ বাবে থকা সকলো নিৰ্ণায়ক পৰিপূৰণ কৰিব লাগিব।

ii. SEBৰ পৰিচালক মণ্ডলীৰ এখন অডিট কমিটী থাকিব লাগিব, যিখন আমাৰ চাৰ্কুলাৰ UBD.No.Plan(PCB)9/09.06.00-94/95 দিনাংক 25 জুলাই, 1994ত থকা নিৰ্দেশ মানি গঠিত আৰু কাৰ্যক্ষম হ’ব লাগিব।

iii. SEBৰ উপবিধিত, অনা-সদস্যৰ নামত গাইগুটিয়াকৈ অথবা অন্য অনা-সদস্য/সদস্যৰ সৈতে যুটীয়াভাৱে থকা মিয়াদী জমাৰ বিপৰীতে ঋণদানৰ বাবে উপবন্ধ থাকিব লাগিব।

iv. SEBয়ে নিজৰ বৰ্ডৰ অনুমোদিত নীতি অনুযায়ী সকলো সময়তে এনে আগধনৰ বিপৰীতে সমুচিত পাৰ্শ্বৰাশি ৰাখি যাব লাগিব।

v. মিয়াদী জমাৰ বিপৰীতে আগধনৰ বাহিৰে অনা-সদস্যক কোনো ঋণদানৰ সুবিধা মঞ্জুৰ কৰা নহব।

3. আমাৰ চাৰ্কুলাৰ UBD.No.BL(SEB)5A/07.01.00-2001/02 দিনাংক 8 আগষ্ট, 2001 ত নিৰ্দিষ্ট অন্য সকলো চৰ্ত অপৰিৱৰ্ত্তিত থাকিব।

আপোনাৰ বিশ্বাসী,

(এ জি ৰায়)
ভাৰপ্ৰাপ্ত মহা-প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt