Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (63.00 kb ) version to your machine and then use respective software to print the story.
Date: 11/08/2016
ফেক্টৰিং লেনদেনৰ বাবে অগ্ৰাধিকাৰ খণ্ড ঋণদান স্থিতি

RBI/2016-17/37
FIDD.CO.Plan.BC.10/04.09.01/2016-17

১১ আগষ্ট, ২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া
সকলো অনুসূচিত বাণিজ্যিক বেংক
(আঞ্চলিক গ্ৰামীণ বেংক বাদে)

মহাশয়/মহাশয়া,

ফেক্টৰিং লেনদেনৰ বাবে অগ্ৰাধিকাৰ খণ্ড ঋণদান স্থিতি

অগ্ৰাধিকাৰ খণ্ড ঋণদান (PSL) আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা বাণিজ্যিক প্ৰাপ্তব্য বাট্টা প্ৰদান প্ৰণালী (TReDS) স্থাপন আৰু পৰিচালনাৰ বাবে 3 ডিচেম্বৰ, 2014 দিনাংকৰ নিৰ্দেশনানামা সম্পৰ্কে মূল নিৰ্দেশ FIDD.Co.Plan.1/04.09.01/2016-17 দিনাংক 7 জুলাই, 2016 উনুকিয়ায় যেন।

2. এম এছ এম ই (MSME) খণ্ডৰ পৰিশোধ ক্ষমতা বৃদ্ধিৰ অৰ্থে এইদৰে সিদ্ধান্ত লোৱা হৈছে যে বিভাগীয়ভাৱে (বাট্টাৰ) ফেক্টৰিং ব্যৱসায় চলাই অহা বেংকসমূহে অগ্ৰাধিকাৰ খণ্ড শ্ৰেণীভুক্তকৰণৰ বাবে সাহায্য সাপেক্ষ ভিত্তিত বাট্টা লেনদেন কৰিব পাৰিব। TReDSৰ জৰিয়তে ফেক্টৰিং লেনদেন কৰিলে, সেই প্লেটফৰ্ম কাৰ্যক্ষম হোৱাত তেনে লেনদেনো অগ্ৰাধিকাৰ খণ্ডৰ অধীনত শ্ৰেণীভুক্তকৰণৰ যোগ্য হব।

3. বেংকসমূহে পি এছ এল সম্পৰ্কীয় মূল নিৰ্দেশনা দিনাংক 7 জুলাই, 2016ৰ তৃতীয় অধ্যাযৰ দফা 7 মতে এম এছ এম ই শ্ৰেণীৰ অধীনত ৰিপৰ্টিং তাৰিখত অৱশিষ্ট ফেক্টৰিং পৰ্টফলিয় শ্ৰেণীভুক্ত কৰিব, যেতিয়া ফেক্টৰিং লেনদেনৰ হস্তান্তৰকৰ্তা অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান হয়, যদিহে সিবিলাকৰ কাৰখানা যন্ত্ৰপাতি সা-সৰঞ্জাম আদিত কৰা বিনিয়োগ অগ্ৰাধিকাৰ খণ্ডৰ শ্ৰেণভুক্তিৰ বাবে প্ৰযোজ্য নিৰ্দেশনামা সাপেক্ষ হয়।

4. এই সন্দৰ্ভত দোহৰা হয় যে বেংকিং বিনিয়ম বিভাগৰ চাৰ্কুলাৰ DBR.No.FSD.Bc.32/24.01.007/2015/16 দিনাংক 30 জুলাই, 2015, বেংকৰ দ্বাৰা ফেক্টৰিং সেৱাৰ দিহা পুনৰীক্ষণৰ নৱম দফাত উল্লেখ মতে দ্বৈত বিত্ত যোগান/বাট্টা পৰিহাৰ কৰিবৰ কাৰণে ঋণীৰ বেংকে বাট্টাপ্ৰাপ্তৰ প্ৰাপ্য সম্পৰ্কে ঋণীৰ পৰা সময়ে সময়ে প্ৰমাণপত্ৰ লৈ থাকিব। ইয়াৰ উপৰি ফেক্টৰবিলাকে ঋণীক মঞ্জুৰ কৰা লিমিটৰ বিষয়ে আৰু দ্বৈত বিত্ত যোগান পৰিহাৰ কৰিব পৰাকৈ ফেক্টৰ কৰা ধাৰৰ দায়িত্বৰ সবিশেষ সংশ্লিষ্ট বেংকক জনোৱাটো নিশ্চিত কৰিব লাগিব।

আপোনাৰ বিশ্বাসী

(এ. উদগাতা)
প্ৰধান মুখ্য মহা-প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt