Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (121.00 kb ) version to your machine and then use respective software to print the story.
Date: 31/08/2016
প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা – বেংক শাখাসমূহে MoA&FWৰ Crop Insurance Portal ত ডেটা ফীড নকৰা

RBI/2016-17/41
FIDD.CO.FSD.BC.11/05.10.007/2016-17

২৫ আগষ্ট, ২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া
সকলো অনুসূচিত বাণিজ্যিক বেংক
(আঞ্চলিক গ্ৰামীণ বেংক বাদে)

মহাশয়/মহাশয়া,

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা – বেংক শাখাসমূহে MoA&FWৰ Crop Insurance Portal ত ডেটা ফীড নকৰা

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ উপবন্ধসমূহ কটকটীয়াকৈ মানি চলাটো নিশ্চিত কৰিবলৈ আৰু আঁচনিখনৰ নিহিত উদ্দেশ্যাৱলী তথা নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হব পৰাকৈ সংজ্ঞাপ্ৰদত্ত ঋণী কৃষকৰ 100%ৰ লগতে বুজন সংখ্যক অনা-ঋণী কৃষকক সামৰি লোৱাটো নিশ্চিত কৰিবলৈ দিহা দিয়া আমাৰ চাৰ্কুলাৰ FIDD.No.FSD.BC.20/05.10.007/2015-16 দিনাংক 17 মাৰ্চ, 2016 উনুকিয়ায় যেন।

2. ভাৰত চৰকাৰৰ PMFBY পৰিচালনা নিৰ্দেশনামা অনুযায়ী বেংকসমূহে শাখাযোগে সকলো ঋণী কৃষকৰ আৰু শষ্য বীমা কৰা অনা-ঋণী কৃষকৰ ভূমি আৰু শষ্যৰ বিস্তৃত তথ্য সমন্বিতে সকলো প্ৰাসংগিক তথ্য সংগ্ৰহ কৰাটো বাঞ্ছা কৰা হৈছে।

3. কৃষি তথা কৃষক কল্যাণ মন্ত্ৰালয়ে ইতিমধ্যে সকলো বেংকক www.agri-insurance.gov.inত উপলব্ধ শষ্য বীমা বিষয়ক ইউনিফাইড পৰ্টেলত কৃষকৰ সমুদায় তথ্য ভৰ্তি কৰিবলৈ পৰামৰ্শ দিছে। আমাৰ দৃষ্টিগোচৰ হৈছে যে বেংক শাখাবোৰে পৰ্টেলত প্ৰৱিষ্টিসমূহ ভৰোৱা নাই। ফলস্বৰূপে, MoA&FW, ৰাজ্য চৰকাৰ, আদিয়ে কোনো ডেটা উলিয়াব নোৱাৰা হেতুকে বীমাকৃত শষ্য, প্ৰিমিয়াম কাটি ৰখা আদি নিৰূপণৰ বেলিকা আহুকাল হৈছে। আপোনাক সেয়ে, পৰ্টেলটোত শীঘ্ৰে প্ৰাসংগিক ডেটাসমূহ ফীড কৰাকৈ আপোনাৰ শাখাসমূহক আৱশ্যকীয় নিৰ্দেশ দিবলৈ পৰামৰ্শ দিয়া হ’ল।

আপোনাৰ বিশ্বাসী,

(উমা শংকৰ)
মুখ্য মহা-প্ৰৱন্ধক

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt