আৰ বি আই/২০১৬-১৭/২৯৮ ডিবিআৰ.আইবিডি.বিচি.৭৫/২৩.৬৭.০০১/২০১৫-১৬
২১ জানুৱাৰী, ২০১৬
সকলো সূচীভুক্ত বাণিজ্যিক বেংক (আঞ্চলিক গ্ৰামীণ বেংকসমূহ বাদে)
মহাশয়/মহাশয়া,
ইণ্ডিয়া গল্ড কইন (আই জি চি)ৰ বিক্ৰী
আপোনালোক অৱগত যে কেন্দ্ৰীয় চৰকাৰে অশোক চক্ৰ সহ ভাৰত স্বৰ্ণ মুদ্ৰাসমূহ (আই জি চি) প্ৰস্তুত কৰিবলৈ আৰু এই মুদ্ৰাবোৰ দেশীয় বজাৰত যোগান ধৰিবলৈ এমএমটিচিক কৰ্তৃত্ব দিছিল। এমএমচিটিয়ে ৰিজাৰ্ভ বেংকক স্পষ্ট কৰি দিয়ে যে বৰ্তমানৰ স্বৰ্ণ জমা আঁচনি (জিডিএছ) আৰু স্বৰ্ণ মৌদ্ৰিকৰণ আঁচনি (জিএমএছ)ৰ অধীনত ঘৰুৱাভাৱে সঞ্চালিত সোণখিনিহে আইজিচিত ব্যৱহাৰ হ’ব।
২. ইয়াৰ পৰিপ্ৰেক্ষিতত এমএমটিচিৰ দ্বাৰা মৌদ্ৰিকৃত আইজিচিবোৰ বিক্ৰী কৰিবলৈ Gold Montetization Scheme dated October 22, 2015 সম্পৰ্কীয় মাষ্টাৰ ডিৰেকশ্যনত সংজ্ঞাৰোপিত মতে মনোনীত বেংকবোৰক অনুমতি দিবলৈ সিদ্ধান্ত লোৱা হ’ল। মনোনীত বেংক আৰু এমএমটিচিৰ মাজত সম্পাদিত চুক্তিমতে চৰ্তাৱলী প্ৰযোজ্য হ’ব।
৩. FED (AP.Dir.) Circular No.79 dated February 18, 2015 ত থকা মতে বেংকসমূহৰ দ্বাৰা আমদানিকৃত স্বৰ্ণ মুদ্ৰাৰ বিক্ৰীৰ ওপৰত আৰোপিত বাধানিষেধ অব্যাহত থাকিব।
আপোনাৰ বিশ্বাসী,
(ৰাজিন্দৰ কুমাৰ) মুখ্য মহা প্ৰৱন্ধক
su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt