Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
muKÂp#? >> AeDÂsUcna smUh - ebÂLd ebÂXrN
Note : To obtain an aligned printout please download the (369.00 kb ) version to your machine and then use respective software to print the story.
Date: 14/03/2016
চভাৰেইন গল্ড বণ্ড – ২০১৬ শৃংখলা-২

আৰ বি আই/২০১৬-১৭/৩৩৩
আইডিএমডি.চিডিডি.নং ২০২০/১৪.০৪.০৫০/২০১৫-১৬

৪ মাৰ্চ, ২০১৬

অধ্যক্ষ আৰু পৰিচালন সঞ্চালক
সকলো সূচীভুক্ত বাণিজ্যিক বেংক (আৰ আৰ বি বাদে)
ষ্টক হল্ডিং কৰ্পোৰ্শ্যন অব ইণ্ডিয়া লিঃ (এছ এইছ চি আই এল)

মহাশয়/মহাশয়া,

চভাৰেইন গল্ড বণ্ড – ২০১৬ শৃংখলা-২

ভাৰত চৰকাৰে ইয়াৰ অধিসূচনা এফ.নং৪(১৯) ডব্লিউ এণ্ড এম/২০১৪ দিনাংক ৪ মাৰ্চ, ২০১৬ যোগে ঘোষণা কৰিছিল যে চভাৰেইন গল্ড বণ্ড,২০১৬ ক্ৰয়-নিবিদাৰ বাবে ৮ মাৰ্চ, ২০১৬ৰ পৰা ১৪ মাৰ্চ, ২০১৬লৈকে মুকলি থাকিব। ভাৰত চৰকাৰে আগতিয়া জাননীৰে আঁচনিখন নিৰ্ধাৰিত অবধিৰ পূৰ্বে বন্ধ কৰিব পাৰে। এই বণ্ডসমূহ জাৰিৰ চৰ্তাৱলী নিম্নোক্তধৰণে হ’বঃ

১. বিনিয়োগৰ যোগ্যতা

ভাৰতত নিবাসী যিকোনো ব্যক্তিয়ে, গাইগুটিয়াভাৱে, এনে ব্যক্তিগত সামৰ্থ্যত, অথবা নাবালক শিশুৰ হৈ, অথবা আন কোনো ব্যক্তিৰ সৈতে যুটীয়াভাৱে আঁচনিখনৰ অন্তৰ্গত বণ্ডসমূহ ধাৰণ কৰিব পাৰে। ন্যাস, দাতব্য প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়েও এই বণ্ড ধাৰণ কৰিব পাৰিব। বিদেশী বিনিময় মুদ্ৰা ব্যৱস্থাপনা আইন, ১৯৯৯ৰ ধাৰা ২(ব) সমন্বিতে ধাৰা ২(ফ)ৰ অধীনত ভাৰতত নিবাসী ব্যক্তিৰ সংজ্ঞাৰোপন কৰা হৈছে।

২. প্ৰতিভূতিৰ আকাৰ

চৰকাৰী প্ৰতিভূতি আইন,২০০৬ৰ ধাৰা ৩ অনুযায়ী ভাৰত চৰকাৰৰ ষ্টকৰ আকাৰত বণ্ডসমূহ জাৰি কৰা হ’ব। বিনিয়োগকাৰীসকলক হল্ডিং চাৰ্টিফিকেট (Form C) জাৰি কৰা হ’ব। বণ্ডসমূহ ডি-মেট আকাৰলৈ ৰূপান্তৰযোগ্য হ’ব।

৩. জাৰিৰ তাৰিখ

জাৰিৰ তাৰিখ হ’ব ২৯ মাৰ্চ,২০১৬।

৪. মুদ্ৰাবৰ্গ

এক গ্ৰাম সোণ আৰু তাৰ গুণীতকৰ গোটসমূহত বণ্ডবোৰ মুদ্ৰাবৰ্গিত হ’ব। বণ্ডত ন্যূনতম বিনিয়োগ দুই গ্ৰামত হ’ব আৰু সৰ্বোচ্চ ক্ৰয়নিবিদা প্ৰতি বিত্তীয় বৰ্ষত (এপ্ৰিল-মাৰ্চ) প্ৰতি ব্যক্তিত পাঁচশ গ্ৰাম হ’ব।

৫. জাৰিৰ মূল্যঃ

বণ্ডসমূহৰ মূল্য, ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এচোছিয়েশ্যনে (আই বি জে এ) প্ৰকাশ কৰা পূৰ্বৱৰ্তী সপ্তাহটোৰ সৰল গড় সামৰণি মূল্যৰ ভিত্তিত ভাৰতীয় টকাত বণ্ডৰ মূল্য স্থিৰ কৰা হ’ব।

৬. সুদ

প্ৰাৰম্ভিক বিনিয়োগ ৰাশিৰ ওপৰত বছৰি ২.৭৫ শতাংশ (স্থিৰ) হাৰত বণ্ডসমূহত সুদ নিহিত থাকিব। অৰ্ধ-বাৰ্ষিক নিবৃত্তিত সুদ দিয়া হ’ব আৰু অন্তিম সুদখিনি বণ্ডৰ পৰিপক্কতাত মূলধনৰ সৈতে প্ৰদেয় হ’ব।

৭. গ্ৰহণকাৰী কাৰ্যালয়

সূচীভুক্ত বাণিজ্যিক বেংকসমূহ (আৰ আৰ বি বাদে) মনোনীত ডাকঘৰসমূহ (জ্ঞাপন দিয়া মতে) ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া লিমিটেড (এছএইছচিআইএল)ক পোনপটয়াকৈ অথবা এজেণ্টযোগে বণ্ডসমূহৰ বাবে আবেদন গ্ৰহণ কৰিবলৈ কৰ্তৃত্ব দিয়া হ’ল।

৮. প্ৰদান বিকল্প

সৰ্বাধিক ২০,০০০ টকালৈকে নগদত অথবা ডিমাণ্ড ড্ৰাফ্ট বা চেক বা ইলেকট্ৰনিক বেংকিংযোগে ভাৰতীয় টকাত প্ৰদান গ্ৰহণ কৰা হ’ব। চেক বা ডিমাণ্ড ড্ৰাফ্টযোগে দিয়া প্ৰদান, গ্ৰহণকাৰী কাৰ্যালয়টোৰ নামত লিখা হ’ব লাগিব।

৯. বিমোচনঃ

ক. গল্ড বণ্ডসমূহ জাৰিৰ তাৰিখ, ২৯ মাৰ্চ ২০১৬ৰ পৰা আঠ বছৰ উকলি যোৱাত বণ্ডবিলাক পৰিশোধ কৰা হ’ব। জাৰিৰ তাৰিখৰ পঞ্চম বৰ্ষৰ পৰা এই বণ্ড পৰিপক্কতাৰ পূৰ্বে সুদ প্ৰদানৰ তাৰিখবোৰত বণ্ডৰ প্ৰাক্-পৰিপক্ক বিমোচনৰ অনুমতি আছে।

খ. ৯৯৯ শুদ্ধতাৰ সোণৰ বাবে আই বি জে আইৰ দ্বাৰা প্ৰকাশ কৰা পূৰ্বৱৰ্তী সপ্তাহটোৰ (সোমবাৰৰ পৰা শুকুৰবাৰ) সৰল গড় সামৰণি মূল্যৰ ভিত্তিত ভাৰতীয় টকাত বিমোচন মূল্য নিৰ্ধাৰণ কৰা হ’ব।

১০. পৰিশোধঃ

বণ্ডৰ পৰিপক্কতাৰ এমাহ আগতে বণ্ডৰ পৰিপক্কতাৰ তাৰিখটোৰ বিষয়ে গ্ৰহণকাৰী কাৰ্যালয়ে বিনিয়োগকাৰীক অৱগত কৰিব।

১১. বিধিগত নগদী অনুপাত (এছএলআৰ)ৰ বাবে যোগ্যতাঃ

এই বণ্ডত কৰা বিনিয়োগ এছ এল আৰৰ বাবে যোগ্য হ’ব।

১২. বণ্ডৰ বিপৰীতে ঋণ

বণ্ডসমূহ ঋণৰ বাবে বন্ধকী হিচাপে ব্যৱহাৰ কৰিব পৰা যাব। আৰ বি আইৰ দ্বাৰা সময়ে সময়ে আজ্ঞা দিয়া মতে সাধাৰণ সোণৰ ক্ষেত্ৰত প্ৰযোজ্য মতে ইয়াৰ মূল্যৰ বিপৰীতে ঋণৰ হাৰ হ’ব। মনোনীত বেংকবোৰৰ দ্বাৰা খাজাঞ্চীত বণ্ডবোৰত পূৰ্বসত্ব চিহ্নিত হ’ব।

১৩. কৰ উপচাৰ

আয়কৰ আইন,১৯৬১ৰ উপবন্ধবোৰ অনুযায়ী বণ্ডৰ সুদখিনি কৰ উপযোগী হ’ব। মূলধনী লাভ কৰ উপচাৰ, আবয়ৱিক সোণৰ ক্ষেত্ৰত থকাবোৰৰ সদৃশ হ’ব।

১৪. আবেদন

নিৰ্ধাৰিত প্ৰপত্ৰ (Form A) ত বা তাৰ প্ৰায় সদৃশ অন্য প্ৰপত্ৰত সোণৰ গ্ৰাম আৰু আবেদনকাৰীৰ সম্পূৰ্ণ নাম আৰু ঠিকনা স্পষ্টকৈ লিখি বণ্ডৰ বাবে আবেদন কৰিব লাগিব। গ্ৰহণকাৰী কাৰ্যালয়ে আবেদনকাৰীক প্ৰাপ্তিস্বীকাৰ ৰছিদ Form B ত দিব।

১৫. মনোনয়নঃ

চৰকাৰী প্ৰতিভূতি আইন,২০০৬ (২০০৬ৰ ৩৮) আৰু ভাৰতৰ ৰাজপত্ৰ, দিনাংক ১ ডিচেম্বৰ,২০০৭ৰ অংশ III, ধাৰা ৪ত প্ৰকাশিত, ভাৰতীয় প্ৰতিভূতি বিনিয়ম, ২০০৭ৰ ব্যৱস্থাৱলী মতে যথাক্ৰমে Form D আৰু Form E ত মনোনয়ন আৰু ইয়াৰ বাতিলকৰণ কৰিব লাগিব।

১৬. হস্তান্তৰকৰণ যোগ্যতাঃ

চৰকাৰী প্ৰতিভূতি আইন,২০০৬ (২০০৬ৰ ৩৮) আৰু ভাৰতৰ ৰাজপত্ৰ দিনাংক ১ ডিচেম্বৰ,২০০৭ৰ অংশ III, ধাৰা ৪ত প্ৰকাশিত চৰকাৰী প্ৰতিভূতি বিনিয়ম ২০০৭ৰ উপবন্ধসমূহ অনুসাৰে Form F ত লিখত সম্পাদন কৰি বণ্ডসমূহ হস্তান্তৰ কৰিব পৰা যাব।

১৭. বণ্ডৰ ক্ৰয়-বিক্ৰয়ঃ

ভাৰতীয় ৰিজাৰ্ভ বেংকে জ্ঞাপন কৰিবলগীয়া তাৰিখটোৰ পৰা বণ্ডসমূহ ক্ৰয়-বিক্ৰয়যোগ্য হ’ব।

১৮. বিতৰণৰ কমিছনঃ

প্ৰাপ্ত আবেদনৰ ওপৰত গ্ৰহণকাৰী কাৰ্যালয়বোৰে পোৱা মুঠ ক্ৰয়নিবিদা ৰাশিৰ প্ৰতি এশ টকাত এটকা হাৰত বিতৰণৰ কমিছন দিয়া হ’ব আৰু গ্ৰহণকাৰী কাৰ্যালয়ে, এজেণ্ট বা উপ-এজেণ্টৰ যোগেদি আহৰণ কৰা ব্যৱসায়ৰ বাবদ প্ৰাপ্ত কমিছনখিনিৰ কমেও ৫০ শতাংশ তেওঁলোকক ভগাই দিব।

১৯. ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ (অৰ্থনৈতিক পৰিক্ৰমা বিভাগ) এফ. নং ৪ (১৩) ডব্লিউ এণ্ড এম/২০০৮ দিনাংক ৮ অক্টোবৰ, ২০০৮যোগে জাৰি ভাৰত চৰকাৰৰ অধিসূচনাখনত নিৰ্দ্ধাৰণ কৰা অন্যান্য সকলো চৰ্তাৱলী বণ্ডত প্ৰযোজ্য হ’ব।

আপোনাৰ বিশ্বাসী,

(অৰুণ ভাগ’লিৱাল)
উপ মহা প্ৰৱন্ধক

সংলগ্নঃ ওপৰৰ মতে

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt