Download
the Assamese
font
 
   আমাৰ বিষয়     আৱ্যশকীয় তথ্য     সঘনাই সোধা প্ৰশ্ন সমূহ     বিত্তীয় শিক্ষা     অভিযোগ   অন্যান্য     অতিৰিক্ত পাঠ্যক্ৰম
 ÎbÂZekÂÇZ
 muìa
 ebÂqdLE muìa
 crkÂÇarE ›¶etBuet bÂjar
 Ana ÎbÂZekÂÇZ eb„ER^ ÎkÂÇa<ÇpanE smUhÂ
 Bu„$an ›¶NalE
muKÂp#? >> AsmER^a - sGnahÂH ÎsaDÂa >¶åY - ebÂLd ebÂXrN
Date: 02/09/2016
আপোনাৰ গ্ৰাহকক জনা নিৰ্দেশাৱলী

(ছেপ্টেম্বৰ ০২, ২০১৬ পৰ্যন্ত শেহতীয়া তথ্যভিত্তিক)

(এইখন হল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ “আপোনাৰ গ্ৰাহকক জনা” নিৰ্দেশাৱলীৰ সংক্ষিপ্ত আৰু সৰল সংস্কৰণ)

প্ৰশ্ন ১. কে ৱাই চি কি? ইয়াক কিয়নো লাগে?

উত্তৰঃ কে ৱাই চি মানে Know Your Customer অৰ্থাত্ আপোনাৰ গ্ৰাহকক জনা। ই হ’ল এক প্ৰক্ৰিয়া যাৰ দ্বাৰা বেংকে গ্ৰাহকসকলৰ পৰিচয় আৰু ঠিকনাৰ বিষয়ে তথ্য লাভ কৰে। বেংকৰ সেৱাৰ অপব্যৱহাৰ নোহোৱাত এই প্ৰক্ৰিয়ই সহায় কৰে। একোটা একাউণ্ট খোলোতে বেংকে কে ৱাই চি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগে। বেংকে নিজৰ গ্ৰাহকসকলৰ কেৱাইচি খুতি-নাতিবোৰ সময়ে সময়ে শেহতীয়া তথ্যভিত্তিকো কৰিব লাগে।

প্ৰশ্ন ২. এটা বেংক একাউণ্ট খোলাৰ বাবে আৱশ্যকীয় কেৱাইচি তথ্যসমূহ কি কি?

উত্তৰ – বেংক একাউণ্ট এটা খোলোতে পৰিচয়ৰ প্ৰমাণ আৰু ঠিকনাৰ প্ৰমাণৰ লগতে শেহতীয়া ফটো দাখিল কৰিব লাগে।

প্ৰশ্ন ৩. পৰিচয়ৰ প্ৰমাণ আৰু ঠিকনাৰ প্ৰমাণ হিচাপে কি কি নথিপত্ৰ লাগে?

উত্তৰ – পৰিচয়ৰ প্ৰমাণ হিচাপে ভাৰত চৰকাৰে ছবিধ নথিক চৰকাৰীভাৱে বৈধ নথি হিচাপে সূচীভূক্ত কৰিছে। এই নথিসমূহ হল পাছপৰ্ট বা পাৰপত্ৰ, ড্ৰাইভিং লাইচেন্স, ভোটাৰৰ পৰিচয় কাৰ্ড, পেন কাৰ্ড, ইউ আই ডি এ আইয়ে প্ৰদান কৰা আধাৰ কাৰ্ড আৰু এন আৰ ই জিৰ জব কাৰ্ড। আপুনি ইয়াৰে যিকোনো এখন নথি পৰিচয় প্ৰমাণ হিচাপে দিলেই হব। এইবোৰ নথিত আপোনাৰ ঠিকনাৰ সবিশেষ থাকিলে, তাক ঠিকনাৰ প্ৰমাণ হিচাপেও গ্ৰহণ কৰা হব। আপুনি দাখিল কৰা পৰিচয়ৰ প্ৰমাণ নথিত ঠিকনাৰ সবিশেষ নাথাকিলে, নিজৰ ঠিকনাৰ সবিশেষ সন্নিৱিষ্ট চৰকাৰীভাৱে বৈধ আন এখন নথি দাখিল কৰিব লাগিব।

প্ৰশ্ন ৪. যদি ওপৰত উল্লেখিত নথিবোৰৰ এখনো মোৰ নাথাকে তেতিয়াও মই বেংকৰ একাউণ্ট খলিব পাৰিম নে?

উত্তৰ – হয়। তেতিয়াও আপুনি শেহতীয়া ফটোগ্ৰাফ আৰু বেংক বিষয়াৰ সন্মুখত স্বাক্ষৰ অথবা আঙুলিৰ ছাপ দি ক্ষুদ্ৰ একাউণ্ট নামৰ এটা বেংক একাউণ্ট খুলিব পাৰিব।

প্ৰশ্ন ৫. এনে ক্ষুদ্ৰ একাউণ্ট আৰু অন্যান্য একাউণ্টৰ মাজৰ কিবা পাৰ্থক্য আছে নেকি?

উত্তৰ – হয়, ক্ষুদ্ৰ একাউণ্টত কেতবোৰ সীমাবদ্ধতা আছে, যেনে-

০. এনে একাউণ্টত অৱশিষ্ট জমাৰাশিৰ পৰিমাণ কোনো সময়তে ৫০,০০০ টকাৰ অধিক হব নোৱাৰিব।

০. এবছৰত জমাভুক্ত কৰা মুঠ ৰাশি ১,০০,০০০ টকাৰ অধিক হব নোৱাৰিব।

০. এটা মাহত উলিওৱা আৰু অন্য একাউণ্টলৈ বদলি কৰা ৰাশি ১০,০০০ টকাৰ অধিক হব নোৱাৰিব।

০. বিদেশৰ পৰা প্ৰেৰিত ধন এনে একাউণ্টত জমাভুক্ত কৰিব পৰা নাযায়।

এনেবোৰ একাউণ্ট পোনতে ১২ মাহৰ বাবে পৰিচালনাযোগ্য হৈ থাকিব আৰু তাৰ পিছত আৰু ১২ মাহৰ বাবে থাকিব, যদিহে একাউণ্ট ধাৰকে একাউণ্ট খোলাৰ ১২ মাহৰ ভিতৰত যিকোনো এবিধ চৰকাৰীভাৱে বৈধ নথিৰ কাৰণে আবেদন কৰা বুলি বেংকক প্ৰমাণ দাখিল কৰিব পাৰে।

প্ৰশ্ন ৬. যদি মোৰ একো চৰকাৰীভাৱে বৈধ নথি নাথাকে, তেনে ক্ষেতক্ৰত ক্ষুদ্ৰ একাউণ্টৰ সীমাবদ্ধতা নথকা বেংক একাউণ্ট খোলাটো সম্ভৱনে?

উত্তৰ- পৰিচয় প্ৰমাণ হিচাপে তলত উল্লেখ কৰা নথিসমূহৰ যিকোনো এখনৰ প্ৰতিলিপি দাখিল কৰি স্বাভাৱিক একাউণ্ট খুলিব পৰা যায়-

(১) কেন্দ্ৰীয়/ৰাজ্য চৰকাৰৰ বিভাগসমূহ, বিধিগত/নিয়ামক প্ৰাধিকৰণসমূহ, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, সূচীভুক্ত বাণিজ্যিক বেংক আৰু ৰাজহুৱা বিত্তীয় প্ৰতিষ্ঠানে জাৰি কৰা ব্যক্তিজনৰ ফটোগ্ৰাফ সম্বলিত পৰিচয় পত্ৰ।

(২)ব্যক্তিগৰাকীৰ ফটোগ্ৰাফ প্ৰত্যায়িত কৰি কোনো ৰাজপত্ৰিত বিষয়াই দিয়া পত্ৰ।

ঠিকনাৰ প্ৰমাণ হিচাপে আপুনি নিম্নোক্ত যিকোনো এখন নথি দাখিল কৰিব পাৰে-

(১) যিকোনো ৰাজহুৱা সেৱা প্ৰদানকাৰী সংস্থা (যেনে বিদ্যুত্, টেলিফোন, পোষ্টপেইড মোবাইল, পাইপযোগে দিয়া গেছ, পানী যোগান আদিৰ) বাবদ পৰিশোধযোগ্য ধনৰ বিল, অৱশ্যে এনে বিল দুমাহতকৈ পুৰণা হব নালাগিব।

(২) সম্পত্তি অথবা পৌৰ কৰ্তৃপক্ষক প্ৰদান কৰা কৰৰ ৰছিদ।

(৩) বেংক একাউণ্ট বা ডাকঘৰ সঞ্চয় বেংকৰ একাউণ্ট প্ৰবিৱৰণ।

(৪) চৰকাৰী বিভাগ বা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক প্ৰদান কৰা পেন্সন বা পৰিয়াল পেন্সন প্ৰদানৰ আদেশ (পি পি অ’), যদিহে তাত ঠিকনাৰ সবিশেষ থাকে।

(৫) ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ বিভাগ, বিধিবদ্ধ বা নিয়ামক নিকায়, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, সূচীবদ্ধ বাণিজ্যিক বেংক, বিত্তীয় প্ৰতিষ্ঠান আৰু সূচীভুক্ত কোম্পানীৰ নিযোক্তাৰ পৰা আবণ্টনৰ বাবে সম্পাদিত অনুজ্ঞা চুক্তি আৰু অনুমতি, আৰু

(৬) বিদেশী ক্ষেত্ৰাধিকাৰৰ চৰকাৰী বিভাগ অথবা ভাৰতস্থ বিদেশী দূতালয় বা মিশ্যনে দিয়া নথিসমূহ।

এইখিনি অৱশ্যে সাধাৰণভাৱে প্ৰযোজ্য নিয়ম নহয় আৰু কোনো প্ৰমাণৰ ক্ষেত্ৰত এই সৰলীকৃত পদ্ধতি গ্ৰহণযোগ্য হয় নে নহয়, সংশ্লিষ্ট বেংকৰ সিদ্ধান্ত সাপেক্ষ হ’ব।

প্ৰশ্ন ৭. যদি মোৰ নাম সলনি হৈছে আৰু নতুন নামত মোৰ কোনো চৰকাৰীভাৱে বৈধ নথি নাই, মই একাউণ্ট কেনেকৈ খুলিম?

উত্তৰ – বিবাহ সূত্ৰে অথবা অন্য ক্ষেত্ৰত নিজৰ নাম সলনি কৰাসকলে, ৰাজ্য চৰকাৰে দিয়া বিবাহ প্ৰমাণ-পত্ৰৰ প্ৰতিলিপি অথবা নাম সলনিৰ ৰাজপত্ৰিত জাননীৰ লগতে ব্যক্তিজনে নাম সলনি কৰা পূৰ্বে থকা চৰকাৰীভাৱে বৈধ নথিৰ এক প্ৰত্যায়িত প্ৰতিলিপি দাখিল কৰিব লাগিব।

প্ৰশ্ন ৮. বেংকে নিজৰ গ্ৰাহকসকলৰ বিপদশংকা মূল্যাংকৰ ভিত্তিত তেওঁলোকক শ্ৰেণীভুক্ত কৰিব লাগে নেকি?

উত্তৰ – হয়, বেংকবোৰে গ্ৰাহকসকলৰ এ.এম.এল বিপদশংকা মূল্যাংকনৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে নিম্ন, মজলীয়া আৰু উচ্চ বিপদশংকাৰ শ্ৰেণীসমূহত বিভক্ত কৰিব লাগে।

প্ৰশ্ন ৯. বেংকে গ্ৰাহকক এই বিপদশংকা শ্ৰেণী বিভক্তিকৰণৰ বিষয়ে জনায় নেকি?

উত্তৰ – নজনায়।

প্ৰশ্ন ১০. মই যদি বেংকে বিচৰা কে.ৱাই.চি নথিবোৰ একাউণ্ট খোলাৰ বাবে দাখিল নকৰো, তেতিয়া পৰিণাম কি হব?

উত্তৰ- কে ৱাই চিৰ বাবে আৱশ্যকীয় নথিবোৰ আপুনি দাখিল নকৰিলে, বেংকটোৱে আপোনাৰ একাউণ্ট খুলিব নোৱাৰিব।

প্ৰশ্ন ১১. একমাত্ৰ এখন আধাৰ কাৰ্ডেৰে মই একাউণ্ট খুলিব পাৰিম নে?

উত্তৰ- পাৰিব, আধাৰ কাৰ্ডক ‘পৰিচয় প্ৰমাণ’ আৰু ‘ঠিকনাৰ প্ৰমাণ’ হিচাপে গ্ৰহণ কৰা হয়।

প্ৰশ্ন ১২. একাউণ্ট খোলাৰ বাবে আধাৰ কাৰ্ড দাখিল কৰাটো বাধ্যতামূলক নেকি?

উত্তৰ- নহয়, একাউণ্ট খোলাৰ বাবে আপুনি আধাৰ কাৰ্ড অথবা চৰকাৰীভাৱে বৈধ পাঁচবিধ নথিৰ যিকোনো এখন দিলেই হ’ব।

প্ৰশ্ন ১৩. ই-কে ৱাই চি কি? ই-কে ৱাই চিয়ে কেনেকৈ কাম কৰে?

উত্তৰ- ই-কে ৱাই চি বুলিলে ইলেকট্ৰনিক কে ৱাই চি বুজায়। ই-কে ৱাই চি কেৱল আধাৰ নম্বৰ থকাসকলৰ বাবেহে সম্ভৱ। ই-কে ৱাই চি ব্যৱহাৰ কৰিবলৈ বিচাৰিলে, আপুনি ভাৰতীয় অনন্য পৰিচিতি প্ৰাধিকৰণ (ইউ আই এ ডি আই)ক আপোনাৰ পৰিচয়/ঠিকনা জীৱমিতি প্ৰমাণিকৰণ পদ্ধতিৰে বেংক শাখা/কৰেস্পণ্ডেণ্ট (BC)ক জনাব পৰাকৈ দ্ব্যৰ্থহীন অনুমতি দিব লাগিব। ইউ এ ডি আই এ তেতিয়া আপোনাৰ নাম, বয়স, লিংগ আৰু ফটোগ্ৰাফসহ আপোনাৰ তথ্যাৱলী বেংকটোলৈ বৈদ্যুতিনভাৱে পঠিয়াই দিব। ই-কে ৱাই চি প্ৰেৰিত তথ্যাৱলী পি এম এল আইনৰ অধীনত চৰকাৰীভাৱে গ্ৰহণযোগ্য নথি হিচাপে গণ্য কৰা হয় আৰু কে ৱাই চি প্ৰমাণীকৰণৰ বাবে ই এক গ্ৰহণযোগ্য প্ৰক্ৰিয়া।

প্ৰশ্ন ১৪. বেংক একাউণ্ট খোলোতে জ্ঞাপন বাধ্যতামূলক নেকি?

উত্তৰ- নহয়, জ্ঞাপনৰ আৱশ্যক নাই।

প্ৰশ্ন ১৫. যদি মই চেন্নাইত থাকো, কিন্তু মোৰ ঠিকনাৰ প্ৰমাণত নতুন দিল্লী বুলি দেখুওৱা আছে, তেতিয়াও মই চেন্নাইত একাউণ্ট খুলিব পাৰিম নে?

উত্তৰ- হয়, চৰকাৰীভাৱে বৈধ নথিত আপোনাৰ ঠিকনা নতুন দিল্লী বুলি থাকিলেও আপুনি চেন্নাইত একাউণ্ট খুলিব পাৰিব, আৰু চেন্নাইত আপোনাৰ ঠিকনাৰ প্ৰমাণ নাথাকিলেও হ’ব। এনে ক্ষেত্ৰত আপুনি নতুন দিল্লী বুলি থকা আপোনাৰ চৰকাৰীভাৱে বৈধ নথিখনৰ লগতে যোগাযোগৰ বাবে আপোনাৰ চেন্নাইৰ ঠিকনাৰ বিষয়ে এক আৰ্জি দিব লাগিব।

প্ৰশ্ন ১৬. মোৰ বৰ্তমানে থকা বেংক একাউণ্টটো একে বেংকৰ অন্য ঠাইৰ একাউণ্টলৈ বদলি কৰিব পাৰিম নে? পুনৰ কে ৱাই চি পূৰাকৈ লাগিব নেকি?

উত্তৰ- এটা একাউণ্ট একে বেংকৰ অন্য শাখালৈ বদলি কৰাটো সম্ভৱ। এনে স্থানান্তৰণৰ বাবে পুনৰায় কে ৱাই চি প্ৰক্ৰিয়াৰ আৱশ্যক নহয়। অৱশ্যে ঠিকনা সলনি হলে আপুনি বৰ্তমানৰ ঠিকনাৰ বিষয়ে এক আৰ্জি দিব লাগিব। অৱশ্যে ঠিকনাত প্ৰমাণস্বৰূপে দাখিল কৰা চৰকাৰীভাৱে বৈধ নথি (অ’ ভি ডি)ত থকা ঠিকনাটো বৰ্তমান আপোনাৰ বৈধ ঠিকনা (অৰ্থাত্ আপোনাৰ স্থায়ী ঠিকনা নাইবা বৰ্তমানৰ ঠিকনা হৈ নাথাকিলে) নিজৰ স্থায়ী ঠিকনা বা বৰ্তমানৰ ঠিকনা সন্নিৱিষ্ট ঠিকনাৰ প্ৰমাণৰ বাবে চৰকাৰীভাৱে বৈধ নথি এখন আপুনি দিব লাগিব আৰু ছমাহৰ ভিতৰত এইখিনি দাখিল কৰিব লাগিব। অন্য বেংকত একাউণ্ট খোলাৰ ক্ষেত্ৰত অৱশ্যে আপুনি নতুনকৈ কে ৱাই চি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।

প্ৰশ্ন ১৭. এটা বেংকত খোলা প্ৰতিটো একাউণ্টৰ বাবদ, পৰিচয় আৰু ঠিকনাত বৈধ নথি দাখিল কৰা সত্বেও মই আকৌ কে ৱাই চি দাখি কৰিব লাগিব নেকি?

উত্তৰ- নালাগে, এটা বেংকত যদি আপুনি ক্ষুদ্ৰ একাউণ্ট বাদে এটা কে ৱাই চি সন্মত একাউণ্ট খুলিছে, তেন্তে একেটা বেংকত আন এটা খুলিবলৈ পুনৰায় নথি দাখিল কৰিব নালাগে।

প্ৰশ্ন ১৮. কোনবোৰ বেংকিং লেনদেনৰ বাবে মোৰ পি এ এন নম্বৰ উদ্ধৃত কৰিব লাগে?

উত্তৰ- একাউণ্ট খোলা, ৫০,০০০ টকাৰ অধিক লেনদেন আদিৰ বাবে (নগদেই হওক বা অনা-নগদেই হওক) পি এ এন নম্বৰটো উদ্ধৃত কৰিব লাগে। পি এ এন নম্বৰ উদ্ধৃত কৰিব লগা লেনদেনসমূহৰ সম্পূৰ্ণ তালিকা নিম্নোক্ত ইউ আৰ এলত আয়কৰ বিভাগৰ ৱেবছাইটৰ পৰা ডাউনলড কৰিব পাৰি-

http://www.incometaxindia.gov.in/_layouts/15/dit/pages/viewer.aspx?grp=rule&cname=CMSID&cval=103120000000007541&searchFilter=&k=114b&IsDlg=0

প্ৰশ্ন ১৯. ক্ৰেডিট/ডেবিট কাৰ্ডৰ বাবে কে ৱাই চি প্ৰযোজ্য হয় নে নহয়?

উত্তৰ- হয়, কে ৱাই চি প্ৰক্ৰিয়া ক্ৰেডিট/স্মাৰ্ট কাৰ্ডৰ লগতে এড অন/চাপ্লিমেণ্টেৰী কাৰ্ডৰ বাবেও আৱশ্যকীয়। যিহেতু ডেবিট কাৰ্ডবোৰ একাউণ্ট ধাৰককহে দিয়া হয় আৰু কে ৱাই চি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছতহে একাউণ্টটো খোলা হয়, সেয়ে ডেবিট কাৰ্ড জাৰিৰ বাবে সুকীয়া কে ৱাই চিৰ আৱশ্যক নাই।

প্ৰশ্ন ২০. মোৰ বেংক একাউণ্ট নাই। কিন্তু মই টকা প্ৰেৰণ কৰিব লাগে। মোৰ ক্ষেত্ৰত কে ৱাই চি প্ৰযোজ্য হ’ব নে নহয়?

উত্তৰ- হয়। কে ৱাই চি প্ৰক্ৰিয়া সেই সকলেও সম্পূৰ্ণ কৰিব লাগিব যিসকলে স্বদেশত ৫০,০০০ টকা বা ততোধিক ৰাশি প্ৰেৰণ কৰে আৰু বিদেশলৈ প্ৰেৰণ কৰা যিকোনো ৰাশিৰ ক্ষেত্ৰত প্ৰযোজ্য।

প্ৰশ্ন ২১. মই নগদ ধনৰ বিপৰীতে ডিমাণ্ড ড্ৰাফ্ট/পেমেণ্ট অৰ্ডাৰ/ট্ৰেভেলাৰ্ছ চেক কিনিব পাৰোনে?

উত্তৰ- হয়। নগদ ধনৰ বিপৰীতে ৫০,০০০ টকাৰ তলৰ ৰাশিৰ ডিমাণ্ড ড্ৰাফ্ট/পেমেণ্ট অৰ্ডাৰ/ট্ৰেভেলাৰ্ছ চেক ক্ৰয় কৰিব পাৰি আৰু ৫০,০০০ টকাৰ ওপৰৰ এনেবোৰ চুক্তিপত্ৰ গ্ৰাহকৰ একাউণ্টৰ পৰা কাটি অথবা চেকৰ বিপৰীতেহে দিয়া হয়।

প্ৰশ্ন ২২. বেংকৰ পৰা তৃতীয় পক্ষৰ সামগ্ৰী (বীমা বা মিউচুৱেল ফাণ্ড আদি) ক্ৰয় কৰোতে বেংকক মই কে ৱাই চি নথি দাখিল কৰিব লাগিবনে?

উত্তৰ- হয়, বেংকটোত একাউণ্ট নথকা সকলো গ্ৰাহকে (যাক সহজীয়া গ্ৰাহক বোলা হয়) বেংকৰ পৰা তৃতীয় পক্ষৰ সামগ্ৰী কিনাৰ বেলিকা পৰিচয় আৰু ঠিকনাৰ প্ৰমাণ দাখিল কৰিব লাগিব, যদিহে তেনে লেনদেন ৫০,০০০ টকা বা ততোধিক হয়। বেংকৰ আৱশ্যক নহয়। অৱশ্যে গ্ৰাহকৰ একাউণ্টৰ পৰা কাটি দিয়া প্ৰদান বা পুঁজিৰ প্ৰেৰণ/ট্ৰেভেলাৰ্ছ চেক, সোণ-ৰূপ-প্লেটিনাম বিক্ৰীৰ ক্ষেত্ৰত চেকযোগে প্ৰদানৰ বেলিকা প্ৰযোজ্য নিৰ্দেশ আৰু ৫০,০০০ টকা বা ততোধিক ৰাশিৰ তৃতীয় পক্ষৰ সামগ্ৰী ক্ৰয়ৰ কাৰণে সহজীয়া গ্ৰাহকৰ দৰে লেনদেনৰ বাবে পি এ এন নম্বৰ উদ্ধৃত কৰিব লাগিব।

প্ৰশ্ন ২৩. একাউণ্ট খোলাৰ সময়ত মোৰ কে ৱাই চি প্ৰক্ৰিয়া পূৰণ কৰিছোৱেই। কে ৱাই চি পুনৰ দিবলৈ মোৰ বেংকে জোৰ দি ধৰে কিয়?

উত্তৰ- বেংকে কে ৱাই চি সবিশেষবোৰ সময়ে সময়ে শেহতীয়া তথ্যভিত্তিক কৰি থাকিব লাগে। বেংক একাউণ্টৰ প্ৰচলিত বিহিত দায়িত্ববোধৰ ই অংশস্বৰূপ। বেংকে কৰা বিপদশংকা শ্ৰেণী বিভক্তিকৰণৰ ওপৰত নিৰ্ভৰ কৰি, একাউণ্ট সাপেক্ষে শেহতীয়া তথ্য-ভিত্তিককৰণৰ অৱধি সুকীয়া সুকীয়া হয়। তথ্যপাতি সময়ে সময়ে শেহতীয়া তথ্যভিত্তিক কৰিলে গ্ৰাহকৰ একাউণ্টত জালিয়াতি ৰোধ সহায় হয়।

প্ৰশ্ন ২৪. কে ৱাই চিৰ এনে পৰ্যাবৃত্ত শেহতীয়া তথ্যভিত্তিকৰণ সম্পৰ্কীয় নিয়মসমূহ কি?

উত্তৰ- বেংকটোৰ বিপদশংকা অৱধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি কে ৱাই চি উন্নীতকৰণৰ বাবে পৃথক পৃথক অৱধি নিৰ্দ্ধাৰণ কৰা হয়। অতি বিপদশংকাযুক্ত গ্ৰাহকৰ বাবে কমেও দুবছৰত এবাৰকৈ, মজলীয়া বিপদশংকা গ্ৰাহকৰ বাবে ৮ বছৰত এবাৰকৈ আৰু নিম্ন বিপদশংকাযুক্ত গ্ৰাহকৰ বাবে দহ বছৰত এবাৰকৈ কে ৱাই চি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগে। এই প্ৰক্ৰিয়াত, বেংকৰ একাউণ্টটো খোলাৰ সময়ত লগা কে ৱাই চিৰ সকলো আনুষ্ঠানিকতা সংযুক্ত হৈ পৰে।

নিম্ন বিপদশংকাযুক্ত গ্ৰাহকৰ বেলিকাও পৰ্যাবৃত্ত কে ৱাই চি উন্নীতকৰণ প্ৰক্ৰিয়া সম্পাদন কৰিব লাগে, যদি এনে গ্ৰাহকৰ পৰিচয় (নাম সলনি আদি) আৰু/অথবা ঠিকনা সম্পৰ্কীয় স্থিতি অপৰিৱৰ্তিত থাকে, পৰ্যাবৃত্ত উন্নীতকৰণৰ বাবে বেংকে তেওঁক স্থিতিৰ সলনি নোহোৱা বিষয়ে স্ব-প্ৰত্যায়ণ দিবলৈ ক’ব পাৰে। পৰ্যাবৃত্ত উন্নীতকৰণৰ বাবে বেংকে এনে গ্ৰাহকক চৰকাৰীভাৱে বৈধ নথি দাখিল কৰিবলৈ নক’বও পাৰে।

এনে নিম্ন বিপদশংকা গ্ৰাহকৰ ঠিকনা সলনিৰ ক্ষেত্ৰত তেওঁৰ ঠিকনা সলনিৰ প্ৰমাণৰ প্ৰতিলিপি এটা ডাকযোগে বেংকলৈ পঠিয়ালেই হব। পৰ্যাবৃত্ত উন্নীতকৰণৰ বাবে এনে নিম্ন বিপদশংকা গ্ৰাহক নিজে হাজিৰ হোৱাৰ প্ৰয়োজন নাই।

নাবালক গ্ৰাহকে সাবালক হ’লে নতুন ফটো দাখিল কৰিব লাগে।

প্ৰশ্ন ২৫. পৰ্যাবৃত্ত উন্নীতকৰণৰ সময়ত কে ৱাই চি নথি দাখিল নকৰিলে কি হ’ব?

উত্তৰ- পৰ্যাবৃত্ত উন্নীতকৰণৰ সময়ত কে ৱাই চি নথি দাখিল নকৰিলে আপোনাৰ একাউণ্টটো বন্ধ কৰাৰ বিকল্প বেংকৰ থাকিব। একাউণ্টটো বন্ধ কৰাৰ পূৰ্বে বেংকে অৱশ্যে আংশিক নিশ্চলতা (অৰ্থাত্ আপোনাৰ একাউণ্টটো বন্ধ কৰিবলৈ আৰু নিজৰ জমাৰাশি উঠাই নিয়াৰ বাবে আপোনাক বিকল্প দি প্ৰথমে সকলো লেনাৰ অনুমতি দি আৰু দেনা বন্ধ কৰি) আৰোপ কৰিব পাৰে। পাছলৈ আনকি টকা উঠোৱাও বন্ধ কৰা হ’ব। আপোনাক সমুচিত জাননী দিয়াৰ পাছতহে বেংকে আংশিক নিশ্চলতাৰ আশ্ৰয় ল’ব।

প্ৰশ্ন ২৬. আংশিক নিশ্চলতা কেনেকৈনো আৰোপ কৰে?

উত্তৰ- আংশিক নিশ্চলতা নিম্নোক্তধৰণে আৰোপ কৰা হয়-

০. আংশিক নিশ্চলতাৰ পন্থা লোৱাৰ পূৰ্বে বেংকে পোনতে গ্ৰাহকক তিনি মাহৰ বিহীত জাননী দিব লাগিব।

০. তাৰ পাছত আৰু তিনি মাহৰ বাবে এখন তাগিদা-পত্ৰ দিয়া হ’ব।

০. তেতিয়াহে বেংকে একাউণ্টটো বন্ধ কৰাৰ স্বাধীনতা প্ৰদান কৰি সকলো লেনাৰ অনুমতি আৰু সকলো দেনাৰ অনুমতি বৰ্জন ভিত্তিক আংশিক নিশ্চলতা আৰোপ কৰিব।

০. প্ৰাৰম্ভিক আংশিক নিশ্চলতা আৰোপৰ ছমাহৰ পাছতো যদি একাউণ্টটো কে ৱাই চি অনা-সাপেক্ষ হৈ থাকে, বেংকে ইয়াক নিষ্ক্ৰীয় হিচাপে শ্ৰেণীভুক্ত কৰি একাউণ্টটোৰ পৰা বা তালৈ সকলো লেনা-দেনা বন্ধ কৰি দিয়ে।

ইতিপূৰ্বে একাউণ্ট ধাৰকে কে ৱাই চি নথিবোৰ দাখিল কৰি নিজৰ একাউণ্ট পুনৰ সক্ৰিয় কৰাই ল’ব পাৰে।

 
   BartER^ erjaBv ÎbÂZkÂÇr Ñara sbÂv>¤Ö sZreVÂÇt

su-deLvt hÂR^ hÂH-w'`›rar 5+ t 1024x768 r*Âpa‚Ânt